বিষ্ণুৰাভাৰ যিটো দিশ মানুহে পাহৰিব ধৰিছে

         
   শংকৰ-মাধৱ আৰু জ্যোতিপ্ৰসাদৰ পিছতে অসমীয়া কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা ব্যক্তিৰ নাম ল'বলে হ'লে প্ৰথমেই আমাৰ মনলৈ আহে এগৰাকী বিশেষ ব্যক্তিৰ নাম ৷তেওঁ হৈছে বিপ্লৱী শিল্পী তথা কৃষক জনগণৰ বন্ধু বিষ্ণুপ্ৰসাদ ৰাভা ৷ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে 'কলাগুৰু' উপাধিৰে সন্মানিত কৰা বিষ্ণুৰাভা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, কবি,গল্পকাৰ,সুদক্ষ খেলুৱৈ, অভিনেতা,নাট্যকাৰ ৷ ইয়াৰ উপৰিও তেওঁ আছিল জনতাৰ স্বাধীনতাকামী এজন বিপ্লৱী,যিয়ে গণমুক্তি চেতনাৰে গীত-মাত ৰচনা কৰি খাটিখোৱা কৃষক,শ্ৰমজীৱি জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছিল ৷
                   ছাত্ৰাৱস্থাৰ পৰাই সাম্যবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত হোৱা বিষ্ণুৰাভাই কৃষক-বনুৱাসকলৰ স্বাধীনতাৰ বাবে ওৰেটো জীৱন হাবিয়ে-বননিয়ে অনাই বনাই ঘূৰি ফুৰিছিল ৷প্ৰধানতঃ গণমুক্তিৰ বাবেই যাযাবৰী জীৱন কটোৱা বিষ্ণু ৰাভাই খাটিখোৱা চহা-জনজাতীয় লোকসকলক জাগ্ৰত কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল ৷ এয়া তেওঁৰ কেতবোৰ ৰচনাত পৰিলক্ষিত হয় ৷ তেওঁ গীত-নাটকৰ জৰিয়তে শোষিত,লাঞ্ছিত কৃষক-বনুৱাসকলক সজাগ কৰি নিজৰ অধিকাৰ নিজ বাহুবলেৰে আঁজুৰি আনিবলৈ উদগনি যোগাইছিল ৷ ভাৰতবৰ্ষৰ পৰা বৃটিছসকলক খেদিবলৈ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা বিষ্ণুৰাভাই কৈছিল যে দেশৰ পৰা কেৱল বগা চাহাববোৰক আঁতৰাই পঠিয়ালেই দেশ স্বাধীন নহ'ব ৷ প্ৰকৃতপক্ষে দেশ স্বাধীন হ'বলৈ হ'লে সমাজৰ দলিত,শোষিত শ্ৰেণীটোৰ হাতলৈও ক্ষমতা আহিব লাগিব আৰু তাৰবাবে পুঁজিপতি,জমিদাৰ শ্ৰেণীটো নিৰ্মূল কৰা অতি প্ৰয়োজন ৷ ভৱিষ্যতৰ এখন বৈপ্লৱিক,পৰিৱৰ্তনমুখী,বৈষম্যহীন সমাজৰ সপোন দেখা বিষ্ণুৰাভাই সেয়েহে এখন হাতত তুলি লৈছিল  ষ্টেনগান আৰু আনখন হাতেৰে লিখি গৈছিল গীত,নাটক,কবিতা… ৷
              এক প্ৰবল সংগ্ৰামী সত্ত্বাৰ অধিকাৰী তথা গণমুক্তিৰ পূজাৰী বিষ্ণুৰাভাক আজিৰ মানুহে পাহৰি যাব ধৰিছে ৷ সম্প্ৰতি বিশ্বায়নৰ যুগত ভোগবাদত মতলীয়া হৈ পৰা মানুহবোৰে কেৱল গীতিকাৰ,সুৰকাৰ বিষ্ণুৰাভাকহে সোঁৱৰে ৷ সেয়া লাগে শাসকেই হওক,মধ্যবিত্তীয় চাকৰিয়াল বা বুদ্ধিজীৱিয়েই হওক ৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিচাৰণ সভাত সকলোৱে তেওঁক গীতিকাৰ,সুৰকাৰ বুলি উল্লেখ কৰিয়েই ভাষণ সামৰি থয় ৷ যাৰফলত তেওঁৰ ৰাজনৈতিক ধ্যান-ধাৰণাখিনি আজিও লোকচক্ষুৰ আঁৰতেই পৰি আছে ৷এইগৰাকী কলা-সংস্কৃতিৰ সাধকৰ প্ৰকৃতি বন্দনা,ৰমন্যাস,সুখ-দুখ,প্ৰেম-ভালপোৱাৰ আধাৰেৰে ৰচিত ৰচনাৰাজিৰ আকাৰ যথেষ্ট বৃহৎ তথা এইবোৰ ইমানেই চিত্তাকৰ্ষক আৰু মনোগ্ৰাহী যে ইয়াৰ সহায়ত বিষ্ণুৰাভাৰ বিপ্লৱী সত্ত্বাক ঢাকি ৰখাটো অতি সহজ হৈ পৰিছে ৷ 
              দেশৰ পৰা বৃটিছসকল গুচি যোৱাৰ পিছতো চহা কৃষক-বনুৱাসকলৰ জীৱন যাত্ৰালৈ কোনো পৰিৱৰ্তন নহাত বিষ্ণুৰাভাই কৈছিল,"য়ে আজাদী ঝুথা হেই" ৷ কাৰণ তেওঁ দেখিবলৈ পাইছিল যে  দেশ স্বাধীন হোৱাৰ পিছতো নিষ্পেষিত,নিপীড়িত চহা জনজাতীয় লোকসকল স্বাধীন নহ'ল ৷ প্ৰকৃতাৰ্থত বগা চামৰাৰ ৰক্তপিপাসুসকলৰ পিছত কলা চামৰাৰ পুঁজিপতিসকলে দুখীয়া জনগণৰ তেজ শুহিবলৈ আৰম্ভ কৰিলে ৷ মাথো গাদীত বহা এইসকল মুখা পিন্ধা জনপ্ৰতিনিধিৰ ভোগৰ ক্ষেত্ৰ হৈ পৰিছে চহা কৃষক জনগণৰ পথাৰ ৷ প্ৰতিটো দিনাৰ বাতৰি কাকতৰ পৃষ্ঠা শুৱনি কৰা ক্ৰমৱৰ্দ্ধমান দুৰ্নীতি আৰু দুৰ্নীতিপৰায়ণ জনপ্ৰতিনিধিসকলৰ হাতোৰাৰ পৰা জনগণক উদ্ধাৰ কৰিবৰ বাবেই সঁচা অৰ্থত আজি বিষ্ণুৰাভাৰ দৰে এগৰাকী অধিনায়কৰ প্ৰয়োজন হৈছে ৷
       গণমুক্তিৰ বাবেই হাবিয়ে-বননিয়ে অনাই-বনাই ঘূৰি ফুৰা বিষ্ণৰাভা আছিল চহা কষকসকলৰ প্ৰকৃত বন্ধু ৷ জনগণৰ স্বাধীনতাৰ বাবে,জনগণৰ অধিকাৰৰ বাবে অাজীৱন ত্যাগ কৰি যোৱা এইকেইগৰাকী মনিষীৰ বিপ্লৱী সত্তাক মনক ৰখাটো প্ৰতিজন অসমীয়াৰে নৈতিক দায়িত্ব ৷ তেতিয়াহে বিপ্লৱী শিল্পীগৰাকীৰ প্ৰকৃত মূৰ্ত্তি আৰু সত্তাক ভৱিষ্যত প্ৰজন্মই সঠিকৰূপে গ্ৰহণ কৰিবলৈ সক্ষম হ'ব ৷









Comments