Poetry 2

জুইৰ দৰে গান এটা
(ৰূপকোঁৱৰক সুঁৱৰি)


মাটি আৰু মানুহৰ প্ৰাণ
মাটি আৰু মানুহৰ ঘ্ৰাণ
তেওঁৰ বুকুজুৰি অহৰহ বৈ আছিল

খনিকৰ আছিল তেওঁ
মাটিৰ দেহত মানুহৰ আত্মা থাপিছিল

ৰূপান্তৰৰ বাট বিচাৰি বিচাৰি
পুৰাচন পৃথিৱীৰ সুৰ বান্ধিছিল

তেওঁৰ প্ৰাণৰো প্ৰাণৰ
আত্মাৰ জুৰণি আছিল
লুইত পাৰৰ গাঁও,মাটি,শইচ সেউজীয়া

যেতিয়া,
আকাশখনে ৰাতিটো নিচুকায়
গাঁওবোৰ নিটাল মাৰে
তেওঁৰ সিৰে সিৰে বিয়পিছিল
জুইৰ দৰে গান এটা 

Comments